August 6, 2024 1:08 PM | Weather

printer

ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত বিজুলী-ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণো অহাৰ সম্ভাৱনা আছে। তেনেক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ উপৰি পৰ্যটক আৰু অন্যান্য ক্ষেত্ৰৰ লোকক সতর্কতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক