ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2024 11:51 AM | Weather

printer

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্রবল বৰষুণৰ আশংকা বতৰ বিজ্ঞান বিভাগৰ

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান বিভাগে প্রবল বৰষুণৰ আশংকা প্ৰকাশ কৰিছে। কাইলৈৰ ভিতৰত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, পশ্চিমবংগ, ছিকিম, ওড়িশা, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তিশগড়, তামিলনাডু, কেৰালা, কর্ণাটক, তেলেংগানাত প্ৰবল বৰষুণ হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। ইপিনে, বিভাগটোৱে দেশৰ ৪ খন ৰাজ্যত প্ৰৱল গ্রীষ্ম প্রবাহৰ আশংকাও প্ৰকাশ কৰিছে। বিহাৰ, উত্তৰ প্রদেশ, ওড়িশা আৰু পশ্চিমবংগত গ্রীষ্ম প্রবাহৰ আশংকা প্ৰকাশ কৰাৰ লগতে এই প্ৰৱাহ পূব ভাৰতৰ আন আন ৰাজ্যলৈও সম্প্ৰসাৰিত হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সতর্কবাণী শুনাইছে। কেইবাখনো ৰাজ্যত তাপমাত্রা ৪২ৰ পৰা ৪৫ ডিগ্ৰী হ’ব পাৰে বুলিও বিভাগটোৱে আশংকা প্ৰকাশ কৰিছে। ইপিনে, দেশৰ গৰমৰ মাত্রা বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰাৰ পাছত কালি নিৰ্বাচন আয়োগে বিষয়টো সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত পৰৱৰ্তী ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণ প্রক্রিয়াত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেই বিষয়ে আলোচনা কৰা হয়।