পশ্চিমবংগ চিকিৎসা পৰিষদে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল কৰিছে। তেওঁ প্ৰতিষ্ঠানটোত সংঘটিত এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত বৰ্তমান চি বি আইৰ জিম্মাত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত ৬ ছেপ্টেম্বৰত সন্দীপ ঘোষক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। কিন্তু তেওঁ ইয়াৰ তেৰ দিন উকলি যোৱাৰ পাছতো কোনো সঁহাৰি নিদিয়াৰ বাবে চিকিৎসা পৰিষদে পঞ্জীয়ন বাতিল কৰাৰ সিদ্ধান্ত লয়।
ইপিনে পশ্চিম বংগৰ মুখ্য সচিব মনোজ পন্তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থা কাৰ্যক্ষম কৰি তোলাৰ লগতে ইয়াৰ সৈতে জড়িত সকলোধৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত দায়িত্বত থকা চিকিৎসক তথা কৰ্মচাৰীৰ জিৰণি কোঠা, চিচি টিভি তথা খোৱাপানীৰ সুবিধা আদিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত আভ্যন্তৰীণ অভিযোগ সমিতিকে ধৰি সকলো সমিতিকে সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিব লাগে বুলি উল্লেখ কৰা হৈছে। প্ৰতিখন চিকিৎসালয়ত মহিলা আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ লগতে পর্যাপ্ত সংখ্যক আৰক্ষী বা নিৰাপত্তাৰক্ষীক নিয়োগ কৰাটো নিশ্চিত কৰিব লাগে বুলি নিৰ্দেশনাটোত কোৱা হৈছে৷ ইয়াৰ উপৰি ৰোগীৰ লগতে আন সকলোৰে অভিযোগসমূহ তৎকালীনভাৱে সমাধান কৰিবলৈ এক শক্তিশালী অভিযোগ সমাধান ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে৷