ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৱায়নাডৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবার্তাত ভূমিস্খলনৰ ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও আহতসকল শীঘ্ৰেই সুস্থ হৈ উঠাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়নাডৰ বিভিন্ন ঠাইত ভূমিস্খলনত নিহত প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ সৈতে ভূমিস্খলনৰ ঘটনা সন্দৰ্ভত কথা পাতিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলোধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে প্রভাৱিত লোকসকলৰ সহায়ৰ বাবে উদ্ধাৰ অভিযান চলি আছে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৱায়নাডৰ ভূমিস্খলনৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছে।