ডাউনলোড
মোবাইল এপ

android apple
signal

January 27, 2025 8:17 PM | waves bazar

printer

নতুন দিল্লীত আজি ৱেভছ্ বাজাৰ, ৱাহ ওস্তাদ চেলেঞ্জ আৰু ৱেভছ বঁটা মুকলি

নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে আজি ৱেভছ্ বাজাৰ, ৱাহ ওস্তাদ চেলেঞ্জ আৰু ৱেভছ বঁটা মুকলি কৰে। অনুষ্ঠানত বৈষ্ণৱে কয়, যে ভাৰতে নিজৰ ঐতিহ্য, চহকী সংস্কৃতি আৰু গল্প কথনৰ কৌশলৰ বাবে বিশ্বত বিশেষ গুৰুত্ব অৰ্জন কৰিছে। আমাৰ দেশ অতি সোনকালেই সৃষ্টিশীল অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শ্বেখাৱাটে কয়, যে ভাৰত গল্পকথকৰ দেশ আৰু আজি মুকলি কৰা পদক্ষেপসমূহৰ জৰিয়তে দেশে নিজৰ শক্তিক বিশ্বৰ আন আন অংশলৈ কঢ়িয়াই লৈ যাব । যোগ আৰু আয়ুৰ্বেদ শাস্ত্ৰকে ধৰি ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ কেইবাটাও অভিন্ন অংগক এতিয়া সমগ্ৰ বিশ্বতে স্বীকৃতি দিয়া হৈছে বুলিও শ্বেখাৱাটে উল্লেখ কৰে। দেশে অর্থনীতি, প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো উল্লেখনীয় অগ্রগতি লাভ কৰা বুলিও তেওঁ লগতে মন্তব্য কৰে। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে ৱেভছ বজাৰখনক পৰিৱৰ্তনশীল পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, ৱাহ ওস্তাদ হৈছে শাস্ত্রীয় আৰু লঘু শাস্ত্রীয় সংগীতৰ এটা অনন্য প্রতিভা সন্ধানী ব্যৱস্থা। অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৱেভছ বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক