ডাউনলোড
মোবাইল এপ

android apple
signal

February 8, 2025 12:29 PM | WAVES

printer

ৱেভছ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনত বিশ্বৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৱেভছ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনৰ উপদেষ্টা পৰিষদৰ এখন বৈঠকত মিলিত হয়। এই শীর্ষ সন্মিলনে বিশ্বৰ মনোৰঞ্জন, সৃষ্টিশীলতা আৰু সাংস্কৃতিক জগতক একত্ৰিত কৰিছে। বৈঠকত প্রধানমন্ত্রীয়ে বলীউডৰ জ্যেষ্ঠ অভিনেতা অমিতাভ বচ্চন, ৰজনীকান্ত, শ্বাহৰুখ খান, অনুপম, খেৰ, চিৰঞ্জীৱি, অনিল কাপুৰ, অক্ষয় কুমাৰ, ৰণবীৰ কাপুৰ আৰু দিলজিত দৌচাঞ্চজকে ধৰি ভাৰত তথা বিশ্বৰ মনোৰঞ্জন উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে সংগীত পৰিচালক এ আৰ ৰহমান, ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী, মাইক্র’ছফ্‌টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলা, মহিন্দ্ৰা আৰু মহিন্দ্ৰাৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ উপৰি ভালেমান বিশিষ্ট উদ্যোগপতিৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰীমোদীয়ে কয়, যে উপদেষ্টা পৰিষদৰ সদস্যসকল বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা একোজন বিশিষ্ট ব্যক্তি। এই ব্যক্তিসকলে ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোৰঞ্জন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্নধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক