ডাউনলোড
মোবাইল এপ

android apple
signal

পশ্চিমবংগত ৱকফ সংশোধনী আইন বিৰোধী হিংসাত নিহতৰ পৰিয়াললৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৰ

পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুই ৱকফ সংশোধনী আইন বিৰোধী হিংসাৰ সময়ত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। ৰাজ্যপালগৰাকীয়ে আজি মুৰ্চিদাবাদ জিলাৰ ছমচেৰগঞ্জৰ প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে আৰু যোৱা ১২ এপ্ৰিলত উন্মত্ত জনতাই হত্যা কৰা পিতা-পুত্ৰৰ পৰিয়ালক সাক্ষাৎ কৰে। আৰক্ষীয়ে এই হত্যাৰ সংক্ৰান্তত মূল অভিযুক্ত ইনমাজুল হকসহ ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যপালগৰাকীয়ে লগতে জাফৰাবাদত হিংসা প্রভাৱিত গাঁওখনো পৰিদৰ্শন কৰে। জনসাধাৰণে নিজৰ সুৰক্ষাৰ বাবে অঞ্চলটোত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰ স্থাপন কৰিবলৈ দাবী জনাইছে। হিংসা প্রভাৱিত এলেকাসমূহৰ পৰা কেন্দ্ৰীয় বাহিনীসমূহ প্ৰত্যাহাৰ কৰাৰ পাছত আক্ৰমণৰ ভাবুকি লাভ কৰা বুলি অভিযোগ উঠিছে। ইপিনে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া কিশোৰ ৰহাটকৰৰ নেতৃত্বত এটা ৫ জনীয়া দলে হৰগোবিন্দ দাস আৰু চন্দন দাসৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। মুৰ্চিদাবাদ জিলাৰ ছমচেৰগঞ্জত ৱকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত যোৱা ১২ এপ্ৰিলত উন্মত্ত জনতাৰ হাতত এই লোক দুজনে প্ৰাণ হেৰুৱাইছিল।

অধিক পঢ়ক

সকলো চাওক