লোকসভাই বিৰোধী পক্ষই উত্থাপন কৰা সংশোধনৰ প্ৰস্তাৱ খাৰিজ কৰি ৱক্ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত কৰিছে। লোকসভাত কালি ২৮৮ গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২৩২ গৰাকী সদস্যই ইয়াৰ বিপক্ষে ভোটদান কৰে। নিম্ন সদনত শেষ নিশালৈকে ১২ ঘণ্টাৰো অধিক সময় ধৰি বিধেয়কখনক লৈ আলোচনা কৰা হয়। ৱক্ফ সংশোধনী বিধেয়ক ২০২৫ৰ মূল উদ্দেশ্য হৈছে- ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱক্ফ পৰিষদৰ সা-সম্পত্তিৰ ব্যৱস্থাপনা দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱক্ফ পৰিষদ আৰু স্থানীয় কর্তৃপক্ষসমূহৰ মাজত সমন্বয় গঢ়ি তুলিব বিচৰা হৈছে। বিধেয়কখনত মুছলমান মহিলা বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ-সামাজিক স্থিতি উন্নয়নৰ ব্যৱস্থা আছে। ৱক্ফ প্রশাসন আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ বাবে মুছলমান সম্প্রদায়ৰ বিভিন্ন পন্থা প্রতিনিধি অন্তর্ভুক্তিৰে ৱক্ফ পৰিষদসমূহক অধিক সর্বাত্মক কৰি তোলাৰ উদ্দেশ্যে এই বিধেয়কখন প্রণয়ন কৰা হৈছে।
বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি কয়, যে অনা মুছলমান সম্প্রদায়ৰ লোকে ৱক্ফ পৰিষদৰ কাম-কাজত হস্তক্ষেপ কৰিব বুলি কৰা ধাৰণা সম্পূৰ্ণ ৰূপে ভুল। তেওঁ কয়, যে ভাৰতবৰ্ষ সংখ্যালঘুসকলৰ বাবে আটাইতকৈ নিৰাপদ ৰাষ্ট্ৰ। চৰকাৰ সংখ্যালঘু বিৰোধী বুলি বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ খণ্ডন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে পাৰ্টীৰ দৰে ক্ষুদ্র সংখ্যালঘু সম্প্রদায়সমূহৰো যত্ন লৈ আহিছে। শ্রীৰিজিজুৱে বিধেয়কখনক অসাংবিধানিক বুলি বিৰোধী পক্ষই একাংশ সদস্যই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত কয়, যে বিৰোধী সদস্যসকলে এনে অভিযোগৰ কোনো কাৰণ দর্শাবলৈ সমর্থ হোৱা নাই। বিধেয়কখন যদিহে অসংবিধানিক তেন্তে ন্যায়ালয়ে কিয় ইয়াক খাৰিজ কৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। সম্পত্তিৰ বিবাদ এৰাই চলাৰ বাবে ব্যৱহাৰৰ ভিত্তিত বক্তসমূহ আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইয়াৰ পূর্বে, কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বিধেয়কখন উত্থাপন কৰি কয়, যে মুছলমান সকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পর্ক নাই আৰু ৱক্ফ পৰিষদৰ সা-সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয়, যে চৰকাৰে ৱকফ পৰিষদসমূহক সর্বাত্মক আৰু ধৰ্ম নিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখন মছজিদৰ পৰিচালনাৰ বাবে নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। বিধেয়কখনক ভৱিষ্যতমুখী বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ই পূর্বব্যাপী নহয় আৰু কাৰো সম্পত্তি জব্দ কৰাৰ ইয়াৰ উদ্দেশ্য নহয়। মন্ত্ৰীগৰাকীয়ে কয়, যে বিধেয়কখন অনুসৰি ৱক্ফ পৰিষদত মুছলমানৰ বিভিন্ন পন্থা, মহিলা আৰু অনামুছলিম সম্প্রদায়ৰ প্ৰতিনিধি থাকিব। বিৰোধী পক্ষই বিধেয়কখন লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি শ্রীৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয়, যে দেশৰ যিকোনো ভূমি ৱক্ফ সম্পত্তি হিচাপে ঘোষণা কৰাৰ বাবে বৰ্তমানৰ আইনত কিছুমান ব্যৱস্থা অপব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয়, যে ২০১৩ চনত ইউ পি এৰ শাসন কালত ৱক্ফ আইনত সংশোধন কৰা হৈছিল আৰু এই সংশোধনে অন্য আইনসমূহত ব্যাপক প্ৰভাৱ পেলাইছিল। কংগ্রেছ শাসনকালত দিল্লীৰ আগশাৰীৰ ঠাইৰ মুঠ ১২৩টা সম্পত্তি দিল্লী ৱক্ফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। শ্রীৰিজিজুৱে কয়, যে যুটীয়া সংসদীয় কমিটি আৰু চৰকাৰে এই বিধেয়কখন প্ৰস্তুত কৰাৰ সময়ত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যাপকভাবে আলাপ আলোচনা কৰিছিল। তেওঁ লগতে ভাৰতত বিশ্বৰ ভিতৰত সৰ্বাধিক ৱক্ফ সম্পত্তি থকা সত্বেও ভাৰতীয় মুছলমানসকল কিয় দুখীয়া হৈ আছে বুলি প্রশ্ন তোলে।
বিতৰ্কত হস্তক্ষেপ কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে যুটীয়া সংসদীয় সমিতিয়ে ব্যাপক আলাপ-আলোচনাৰ অন্তত এই বিধেয়কখন আনিছে। ইয়াৰ পূৰ্বে আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ গৌৰৱ গগৈয়ে বিধেয়কখনক লৈ চৰকাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তোলে। বিধেয়কখন সংবিধানৰ পৰিপন্থী বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে দেশৰ সংবিধানক দুর্বল কৰিব, সংখ্যালঘুসকলক বদনাম কৰিব আৰু ভাৰতীয় সমাজক বিভাজিত কৰিব খুজিছে। তেওঁ লগতে কংগ্ৰেছৰ শাসন কালত দিল্লীত ১২৩টা সম্পত্তি দিল্লী ৱক্ফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি শ্রীৰিজুজিৱে উত্থাপন কৰা অভিযোগ খণ্ডন কৰে। বৰ্তমানৰ আইনখনৰ সংশোধনে অধিক সমস্যাৰহে সৃষ্টি কৰিব বুলি শ্রীগগৈয়ে প্রকাশ কৰে।
আলোচনাত ভাগ লৈ সমাজবাদী পার্টীৰ অখিলেশ যাদৱে মূল্যবৃদ্ধি, কর্মসংস্থাপনহীনতা, বিমুদ্ৰাকৰণ আৰু অন্যান্য বিষয়ৰ ব্যৰ্থতা লুকুৱোৰাৰ বাবে চৰকাৰে বিধেয়কখন অনা বুলি অভিযোগ তোলে। তেওঁ লগতে প্ৰয়াগৰাজত মহাকুম্ভৰ সময়ত হোৱা হেঁচা-ঠেলাৰ ঘটনা আৰু ভালেসংখ্যক লোকৰ মৃত্যুক লৈ প্ৰশ্ন অৱতাৰণ কৰে। বিধেয়কখনৰ আঁৰৰ অভিপ্রায় ভাল নহয় বুলি অভিযোগ কৰি শ্ৰীযাদবে কয়, যে বিজেপিয়ে দলৰ ভোট নিয়ন্ত্রিত কৰাৰ বাবে বিধেয়কখন উত্থাপন কৰিছে। বিধেয়কখনে দেশৰ ধৰ্মনিৰপেক্ষ ভাবমূর্তিত আঘাত হানিব বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে।
তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনার্জীয়ে প্রস্তাবিত বিধেয়কখনক ভুল, অযুক্তিকৰ আৰু স্বেচ্ছাচাৰী বুলি অভিহিত কৰে। তেওঁ লগতে বিধেয়কখনৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ লোকৰ অধিকাৰ হ্ৰাস কৰিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। ধর্মীয় নীতি-নিয়ম পালন কৰাটো কোনো বিধেয়কৰ ভিত্তি হ‘ব নোৱাৰে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ ৰবিশংকৰ প্ৰসাদে কয়, যে দেশখনত সকলো ধৰ্মৰ লোকৰে সমান অধিকাৰ আছে, ইয়াক লৈ কোনো সন্দেহ নাই। বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত বিৰোধী পক্ষৰ নেতাসকলে উদ্দেশ্যপ্রণোদিতভাৱে সংবিধানৰ বছা বছা অংশৰ উদ্ধৃতি দিয়া বুলি বিজেপিৰ সাংসদগৰাকীয়ে অভিযোগ তোলে। আইনৰ পূৰ্ণ উদ্ধৃতি আগবঢ়াবলৈ বিৰোধী পক্ষৰ প্ৰতি আহ্বান জনাই শ্রীপ্রসাদে কয়, যে সংবিধানে ৱক্ফ সম্পত্তিৰ সুৰক্ষা আৰু উপান্ত সম্প্রদায়সমূহৰ উত্থানৰ বাবে চৰকাৰে গ্ৰহণ কৰা কাৰ্যক সমর্থন কৰে। তেওঁ কয়, যে বিধেয়কখনত ৱক্ফ পৰিষদত মহিলাৰ বাধ্যতামূলক অন্তর্ভুক্তিত প্রস্তাৱ দিয়া হৈছে যাতে পৰিষদৰ সম্পত্তিৰ ব্যৱস্থাপনা অধিক স্বচ্ছ কৰি তুলিব পৰা যায় আৰু লিংগ ন্যায় সুনিশ্চিত কৰিব পৰা যায়।
টি ডি পিৰ নেতা কৃষ্ণপ্রসাদ তেন্নেটিয়ে বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াই কয়, যে ১ লাখ ২০ হাজাৰ কোটি টকাৰ ৱকফ সম্পত্তি আৰু ৩৬ লাখ একৰৰো অধিক ভূমিয়ে সংখ্যালঘুসকলৰ আৰ্থ সামাজিক পৰিৱৰ্তন সুযোগ কঢ়িয়াই আনিছে। এই সম্পত্তিসমূহৰ সম্ভাৱনাতকৈ কম ব্যৱহাৰ বা অসৎ উদ্দেশ্যেৰে ভুলকৈ পৰিচালনা কৰি অহা বুলি সাংসদগৰাকীয়ে অভিযোগ তোলে।
জে ডি ইউ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাত ভাগ লৈ কয়, যে আলোচনাৰ আৰম্ভণিৰে পৰা বিধেয়কখন মুছলমান বিৰোধী বুলি এটা বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে। বিধেয়কখন মুছলমানৰ পৰিপন্থী নহয় বুলি তেওঁ সজোৰে উল্লেখ কৰে। লোকসভাই কালি মুছলমান ৱক্ফ বাতিলকৰণ বিধেয়ক ২০২৪তো অনুমোদন জনায়।