ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ

◊ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত অন্ত পৰিব। শেহতীয়া খবৰ অনুসৰি দিনৰ ১ বজা পর্যন্ত সামগ্ৰিকভাৱে ৩৯.১৩ শতাংশ ভোটদান সম্পন্ন হৈছে।

Read More :

এই পৰ্যায়ত মুঠ ৮৮৯গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ই ভি এম আজি ৰাজনৈতিক ভাগ্য বন্দী হ’বলগীয়া বিজেপিৰ উল্লেখযোগ্য প্রার্থীৰ ভিতৰত আছে মানেকা গান্ধী, ধর্মেন্দ্র প্রধান, মনোহৰ লাল খট্টৰ, মনোজ তিৱাৰী, বাঁসুৰী স্বৰাজ আদি। কংগ্ৰেছৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে- দীপেন্দ্ৰৰ সিং হুদা, কুমাৰী ছেলজা, ৰাজবাববৰ, কানহাইয়া কুমাৰ আদি । জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্রী মেহবুবা মুফতীয়ে। ষষ্ঠ পর্যায়ত এক লাখ ১৪ হাজাৰ ভোটকেন্দ্ৰত ১১ কোটিৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব। নির্বাচন আয়োগে ভোটগ্রহণ প্রক্রিয়া শান্তিপূর্ণভাৱে সম্পন্ন কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক