ৰাজ্যত জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজক ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী

সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ’চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ নাট্যকাৰ আৰু পৰিচালক বশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষক- জয়দেৱ মুখপাধ্যায়, নির্বাচনী ব্যয় পর্যৱেক্ষক, আৰক্ষী পর্যৱেক্ষক, কাৰ্বি আংলং জিলাৰ আয়ুক্তকে ধৰি জিলাখনৰ অন্যান্য প্রশাসনিক বিষয়াসকল উপস্থিত থাকে। নতুন ভোটদাতাসকলৰ সজাগতাৰ বাবে বাক্সা জিলাটো প্ৰশাসনে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভোটদানৰ সজাগতা সভা অনুষ্ঠিত কৰে। বাক্সা জিলাৰ জালাহৰ বি বি কিষাণ মহাবিদ্যালয়তো আজি নতুন ভোটাৰসকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট শিল্পী মণিষা হাজৰিকাই অংশগ্রহণ কৰে। শিল্পীগৰাকীয়ে নতুন ভোটাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ভোটদান হৈছে মৌলিক অধিকাৰ, সেয়ে ভোটদান সাব্যস্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। বাক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত কবিতা ফাংচুৰ লগতে জিলাখনৰ অন্যান্য প্ৰশাসনীয় কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে। একেদৰে আজি নিকাচি জ্ঞানপীঠ ডিগ্রী মহাবিদ্যালয় আৰু বৰমা মহাবিদ্যালয়তো নতুন ভোটাৰসকলৰ বাবে সজাগতা সভা অনুষ্ঠিত হয়।

Read More : ↓

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ vs ছানৰাইজাৰ্ছ হায়দাবাদ

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা-লোকনির্ণয়, ২০২৪’ শীৰ্ষক অনুষ্ঠান

অধিক পঢ়ক

সকলো চাওক