ডাউনলোড
মোবাইল এপ

android apple
signal

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কামৰূপ জিলাত ৫ নম্বৰ গুৱাহাটী আৰু ৩ নম্বৰ বৰপেটা লোকসবা সমষ্টিৰ বাবে হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই কালি বিয়লি ৫ বজাৰ পৰা ৭ মে’ৰ বিয়লি ৫ বজালৈ কেতবোৰ নিেেৰ্দশনা জাৰি কৰিছে।

সেই অনুসৰি সুৰা জাতীয় সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি ভোট গণনাৰ দিনা অর্থাৎ ৪ জুনৰ দিনাও সুৰা নিষিদ্ধ ঘোঘণা কৰা হৈছে। এই নিৰ্দেশনা উলংঘা কৰিলে অসম আবকাৰি আইন আৰু বিধিৰ প্ৰাসংগিক ধাৰা আৰু জনপ্ৰতিনিধিত্ব আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে।

চিৰাং জিলাৰ জিলা দণ্ডাধীশে নির্বাচনী প্ৰক্ৰিয়া সূচাৰুৰূপে চলাই নিবলৈ জিলাখনৰ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি কালি বিয়লি ৫ বজাৰ পৰা মে’লৈকে সমগ্ৰ জিলাখনতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। তদুপৰি যিকোনো ঠাইত ৫ জনতকৈ অধিক লোক সমবেত হোৱাৰ পৰা বিৰত থকা, ৰাজহুৱা সভা, সমদল উলিওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে, ভোটৰ ফলাফল ঘোষণা নকৰা পৰ্যন্ত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ-শস্ত্ৰও লৈ ফুৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক