আই চি চি চেম্পিয়নছ ট্ৰফীত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। বিৰাট কোহলীয়ে শতক অৰ্জন কৰি পাকিস্তানৰ বলিং আক্রমণ প্রতিহত কৰে। প্ৰথমে বেটিং কৰিবলৈ লৈ পাকিস্তানে দুটা বল বাকী থকা অৱস্থাত ২৪১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ কুলদ্বীপ যাদৱে ৩টা, হার্ডিক পাণ্ডিয়াই ২টা, হৰ্ষিত ৰাণা, অক্ষৰ পেটেল আৰু ৰবিন্দ্ৰ জাডেজাই এটাকৈ উইকেট দখল কৰে। বিৰাট কোহলীৰ অপৰাজিত শতক, শ্রেয়াছ আয়াৰৰ ৫৬ ৰাণ আৰু শুভমন গিলৰ ৪৬ ৰাণৰে ভাৰতে সহজে জয়ৰ লক্ষ্য অতিক্ৰম কৰে।
বিৰাট কোহলীয়ে এই শতকেৰে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰি বিশ্বৰ দ্রুততম বেটছমেন হিচাপে পৰিগণিত হয়। শচীন তেণ্ডুলকাৰ আৰু কুমাৰ ছাংগাক্কাৰা পাছত কোহলী হ‘ল এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ১৪ হাজাৰ বা ততোধিক ৰান কৰা তৃতীয়জন বেটছমেন।