দেশজুৰি আজিৰ পৰা তদাৰকী সজাগতা সপ্তাহ পালন

দুর্নীতিমুক্ত সমাজৰ লক্ষ্যত উপনীত হোৱা তথা ৰাজহুৱা জীৱনত ন্যায়পৰায়নতাৰ ভাৱাদৰ্শ সংবর্ধনৰ উদ্দেশ্যে আজিৰ পৰা দেশজুৰি তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ বিষয়বস্তু হৈছে– সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় তদাৰকী আয়োগে গণমুখী প্ৰচাৰ অভিযানেৰে এই কাৰ্যসূচীত সংশ্লিষ্ট প্ৰতিটো পক্ষৰে অংশগ্রহণ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ শলাগ লয়। মুখ্যমন্ত্রীয়ে এটা শুভেচ্ছা বাৰ্তাত উল্লেখ কৰে যে পুৰাতন ভাৰতীয় সংস্কৃতিয়ে আগবঢ়োৱা প্ৰমূল্যবোধৰ অন্যতম শিক্ষা হৈছে– সততাৰ শিক্ষা। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত অভিযানৰ সূচনাৰে চৰকাৰৰ প্ৰতিটো কাম-কাজত তথ্য প্ৰযুক্তিৰ ব্যাপক প্রয়োগেৰে প্ৰশাসন ব্যৱস্থাৰ স্বচ্ছতা আৰু দায়বদ্ধতা সুনিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ৰাজ্য চৰকাৰেও দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী শর্মাই কয় যে অনাগত সময়ত অবিৰতভাৱে এই যাত্ৰা অব্যাহত ৰাখি স্বচ্ছ প্রশাসন ব্যৱস্থা গঢ় দিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰীয়ে এই তদাৰকী সপ্তাহ উদযাপনৰ সময়ত ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী বিষয়া-কৰ্মচাৰীসকল অধিক দায়িত্বশীল হ’ব লাগিব বুলি উল্লেখ কৰে। তেওঁ লগতে প্ৰতিগৰাকী নাগৰিকক এই দিশত বিশেষভাৱে সজাগ হৈ দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা যুঁজত দৃঢ়তাৰে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে লোক প্ৰশাসন আৰু শাসন ব্যৱস্থাত স্বচ্ছতা তথা নীতি-নিয়মৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যাপক সচেতনতা সৃষ্টিৰ উদ্দেশ্যে তদাৰকী সজাগতা সপ্তাহ পালন কৰা হয়। মন্ত্ৰালয়, বিভাগ, ৰাজহুৱা অধিগ্ৰহণৰ সংস্থা, বেংক তথা অন্যান্য সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ শপতগ্ৰহণৰ জৰিয়তে এই কাৰ্যসূচী আৰম্ভ হ’ব। এই সময়ছোৱাত দুৰ্নীতি বিৰোধী সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে কেইবাটাও কার্যসূচী গ্ৰহণ কৰা হ’ব। ভাৰতৰত্ন চৰ্দাৰ বল্লৱভাই পেটেলৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে এই সময়ছোৱাত সতর্কতা সজাগতা সপ্তাহ পালন কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক