ৰাজ্য চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগে কুকুৰা উদ্যোগৰ বাণিজ্যিকীকৰণৰ বাবে এখন খচৰা প্ৰস্তুত কৰিছে। কুকুৰাৰ মাংসৰ লগতে কণী উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে স্বনিৰ্ভৰশীল হ’ব পৰাকৈ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰে এখন হাঁহ-কুকুৰা আইন প্রণয়ন কৰিবলৈ সাজু হৈছে। দিছপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিবৰ কাৰ্যালয়ত অনলাইন মাধ্যমযোগে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই বিষয়ে আলোচনা কৰা হয়। বিভাগটোৱে জনোৱা মতে ইতিমধ্যে অসমত কুকুৰা উদ্যোগৰ বাণিজ্যিকীকৰণ নীতি ২০২৪ৰ খচৰা প্ৰস্তুত কৰা হৈছে। এই নীতিৰ আধাৰত মুখ্যমন্ত্ৰীৰ ধবজাবাহী আঁচনিৰ জৰিয়তে কণী উৎপাদন বৃদ্ধি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনি অনুসৰি কুকুৰাৰ কণী উৎপাদনৰ বাবে বছৰি ২৫ কোটিকৈ টকা ব্যয় কৰা হ’ব। আনহাতে এই আঁচনিৰ অধীনত ৫০ হাজাৰ বা ততোধিক কুকুৰা উৎপাদনকাৰী পালকক ৰাজ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি বিভাগটোৰ এটা সূত্ৰই এই কথা জনাইছে।
Site Admin | June 14, 2024 12:30 PM | Veternary