ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 6:24 PM | Uttarakhand

printer

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰি ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰি ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ হৈছে। এইবেলি এই যাত্ৰাৰ বাবে আধাৰৰ জৰিয়তে পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি আগ্ৰহী ভক্তসকলে নিজৰ নিজৰ নাম পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ডৰ বিস্তৃত তথ্য দাখিল কৰিব লাগিব ।

চাৰি ধাম যাত্ৰাৰ সময়ত তীর্থযাত্ৰীসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে ৬০ শতাংশ পঞ্জীয়ন অনলাইন ব্যৱস্থাৰ জৰিয়তে আৰু বাকী ৪০ শতাংশ অফলাইন ব্যৱস্থাৰে সম্পন্ন কৰা হ’ব । এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে হৰিদ্বাৰ আৰু হৃষিকেশকে ধৰি যাত্ৰাপথৰ বিভিন্ন ঠাইত পঞ্জীয়ন কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। আগ্রহী তীর্থযাত্ৰীসকলে registrationandtouristcare.uk.gov.in ৱেবছাইটৰ জৰিয়তে অনলাইন ব্যৱস্থাৰে নাম পঞ্জীয়ন কৰিব পাৰিব। তীর্থযাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পর্যটন বিভাগে এইবেলি এই যাত্ৰাৰ ৪০ দিন পূর্বেই অনলাইন পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক