ডাউনলোড
মোবাইল এপ

android apple
signal

January 31, 2025 8:22 PM | Uttarakhand

printer

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ কেইবাটাও পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ খেলুৱৈসকলে কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি ভাৰোত্তোলনত ৬৭ কিলোগ্রাম শাখাত সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ সাঁতোৰত ৮০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত শুৱনশিনি প্রীয়দর্শীনিয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰিছিল। ছানমা ব্ৰহ্মই উধুৰ পুৰুষৰ টাইজিকোৱন শাখাত ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কিলোগ্রাম শাখাত খুদ্ৰা পাং য়িং আৰু ৫৬ কিলোগ্ৰাম শাখাত ইলিনা ৰাভাই চেমিফাইনেলত প্ৰৱেশ কৰি তিনিটা পদক নিশ্চিত কৰিছে।

ফুটবলত অসমে জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক ৩-২ গলত পৰাস্ত কৰে ।

অসমৰ মহিলা বেডমিণ্টন দল আজি ছেমিফাইনেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এই শিতানৰ খেলসমূহ ইতিমধ্যে আৰম্ভ হৈছে। অসমে বেডমিণ্টনৰ উপৰি উন্মু, বক্সিং, শ্বুটিং, চাইক্লিং, ছুইমিং, স্কোৱাচ আৰু ভাৰোত্তোলনত আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙত লাভলীনা বৰগোঁহায়ে পদক জয়ৰ চেষ্টা চলাব। উল্লেখযোগ্য যে আজি ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লীন এণ্ড জাৰ্কৰ ৫৫ কিলোগ্রাম শাখাত ১৪৩ কিলোগ্রাম ভাৰ উত্তোলন কৰি ৰাষ্ট্রীয় অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

অধিক পঢ়ক

সকলো চাওক