ডাউনলোড
মোবাইল এপ

android apple
signal

January 30, 2025 8:38 PM | Uttarakhand

printer

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ প্ৰথমটো পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত উশ্বুৰ জৰিয়তে অসমে প্ৰথমটো পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। উশ্বু খেলুৱৈ ছনমা ব্ৰহ্মই অসমক ৰূপৰ পদক উপহাৰ দিয়ে। ইপিনে ৰাষ্ট্ৰীয় ক্রীড়াৰ ফুটবলত অসমে জয়ৰে অভিযান আৰম্ভ কৰিছে। আজি অনুষ্ঠিত গ্ৰুপৰ খেলত অসমে শক্তিশালী গোৱাক ৩-২ গলত পৰাস্ত কৰে। উল্লেখযোগ্য যে ১৮ বছৰৰ পিছত ৰাষ্ট্ৰীয় ক্রীড়ালৈ অসম ফুটবল দলে যোগ্যতা অৰ্জন কৰিছে।

আনহাতে, কর্ণটিকে এতিয়ালৈকে ৭ টা সোণ, তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকসহ মুঠ ১২টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ শীৰ্ষত আছে। মণিপুৰে ৬টা সোণ আৰু ৪টা ৰূপৰ পদকেৰে দ্বিতীয় স্থানত থকাৰ লগতে মহাৰাষ্ট্ৰই ৪টা সোণ, ১৯ টা ৰূপ আৰু ৮টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৩ টা পদকেৰে তৃতীয় স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক