ডাউনলোড
মোবাইল এপ

android apple
signal

January 29, 2025 11:41 AM | 38th National Games

printer

উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে এথলিট পেতে অংশগ্ৰহণ কৰি একতা আৰু ক্রীড়া বিদ্যা প্ৰদৰ্শন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে দেৱভূমি উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় ক্রীড়া আয়োজন কৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰি এয়া ৰাজ্যখনৰ বাবে ঐতিহাসিক আৰু ঐশ্বৰিক মুহূর্ত বুলি অভিহিত কৰে। তেওঁ লগতে কয়, যে বহনক্ষমতাক প্ৰসাৰিত কৰাৰ লগতে ভাৰতৰ পৰম্পৰাগত খেলসমূহ উদযাপিত কৰি এই ৰাষ্ট্ৰীয় খেল সেউজ ক্ৰীড়া হিচাপে আয়োজন কৰা হৈছে। ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্ৰীগৰকীয়ে কয়, যে ভাৰতে ক্রীড়াক ইয়াৰ উন্নয়ন যাত্ৰাৰ এটা অবিচ্ছেদ্য অংগ হিচাপে নিৰ্ধাৰণ কৰে। দেশখনে তৃতীয় বৃহত্তম অর্থনৈতিক শক্তি হোৱাৰ দিশত ক্ৰমাগতভাৱে আগবাঢ়ি গৈছে। তেওঁ লগত উল্লেখ কৰে যে, বিগত দশকত ক্ৰীড়াৰ বাজেট তিনি গুণ বৃদ্ধি পাইছে, যাৰ ফলত খেলইণ্ডিয়াৰ দৰে পদক্ষেপৰ অধীনত আধুনিক সা-সুবিধা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ফিট ইণ্ডিয়া আন্দোলনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে যুৱক-যুৱতীসকলক সুস্থ আৰু সক্ৰীয় জীৱনশৈলী আকোৱালি লবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা খেলুৱৈসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে উৎসাহিত কৰাৰ লগতে বিশ্ব ক্রীড়া ক্ষেত্ৰখনত ভাৰতৰ মর্যাদা উন্নীত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

অধিক পঢ়ক

সকলো চাওক