ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 1:08 PM | Uttarakhand

printer

৩৪ টা পদকেৰে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ অভিযান সামৰণি

অসমে উত্তৰখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৩৪টা পদকেৰে অভিযান সামৰিছে। অসমে কালি নেট বলৰ মিক্সড শাখাৰ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱাৰ লগে লগে অসমৰ পদক ৩৪টাতে সীমিত থাকে। অসমৰ খেলুৱৈসকলে এইবাৰৰ প্ৰতিযোগিতাত তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক জয়ী কৰিবলৈ সমৰ্থ হয়। অসম এই পর্যন্ত প্রতিযোগিতাৰ পদক তালিকাত ২৪ সংখ্যক স্থানত আছে। ছার্ভিছেছে ৬৭টা সোণ, ২৬টা ৰূপ আৰু ২৭টা ব্ৰঞ্জৰ পদকেৰে প্ৰথম স্থানত আছে। মহাৰাষ্ট্ৰ ৫৩টা সোণ, ৬৯টা ৰূপ আৰু ৭১টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় আৰু হাৰিয়ানা ৪৬টা সোণ, ৪৬টা ৰূপ আৰু ৫৮টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান আছে। আজি ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি পৰিব। হাল্ডোৱানিৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক