September 7, 2024 12:17 PM | Uttar Pradesh

printer

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাত হোৱা দুৰ্ঘটনাত ১২ জন নিহত হোৱাৰ লগতে ১৬ জন আহত

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাত কালি এখন ৰোডৱেজ বাছ আৰু মিনি ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত চাৰিটি শিশুসহ কমেও ১২ জন লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ১৬ জন আহত হয়। হাথৰছৰ জিলাধিপতিগৰাকীয়ে কৈছে যে, চন্দপা আৰক্ষী থানাৰ অধীনৰ মীতই গাঁৱৰ সমীপত ৯৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দূৰ্ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যম যোগে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্রধানমন্ত্রী মোদীয়ে এটা শোকবার্তাত কৈছে যে, এই ঘটনা সঁচাকৈ দুখদায়ক। প্রধানমন্ত্রীয়ে লগতে নেদেখাজনৰ ওচৰত আহতসকলৰ আশুআৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, ৰাজ্য চৰকাৰৰ তত্বৱধানত স্থানীয় প্রশাসনে দূৰ্ঘটনাত বলি হোৱা লোকসকলক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াইছে। তেওঁ লগতে এই দুৰ্ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীয় ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও নিহতসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক