গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰীক্ষা কেন্দ্ৰত সংঘটিত অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন মঞ্জুৰ কৰিছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত হকৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে। ন্যায়ালয়ে অভিযুক্তগৰাকীয়ে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে বিচৰা মাত্রেই তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’ব লাগিব বুলি চৰ্ত দিয়ে। উল্লেখযোগ্য যে পৰীক্ষা কেন্দ্ৰত অনিয়মৰ অভিযোগত মহবুবুল হকৰ বিৰুদ্ধে প্রথমে পাথাৰকান্দি থানাত দুটা গোচৰ ৰুজু হৈছিল। ইয়াৰ পাছত তেওঁৰ বিৰুদ্ধে বৰপেটা, কোকৰাঝাৰ, গোসাঁইগাঁও আৰু ঢেকীয়াজুলি থানাত গোচৰ ৰুজু হয়। শেহতীয়াকৈ ঢেকীয়াজুলি থানাৰ গোচৰত গ্ৰেপ্তাৰ কৰি তেওঁক কাৰাবন্দী কৰি ৰখা হৈছিল ।
Site Admin | March 24, 2025 8:09 PM | ustm mahbubul
ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
