আমেৰিকাৰ বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ’ই যোৱা নিশা ৱাশ্বিংটন ডিচিত থকা আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ত কোৱাড গোষ্ঠীৰ সতীৰ্থসকলক সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীসকল ক্ৰমে ভাৰতৰ ড০ এছ জয়শংকৰ, জাপানৰ তাকেছি ইৱায়া আৰু অষ্ট্ৰেলিয়াৰ পেনি ৱং এই সাক্ষাতত উপস্থিত থাকে। কোৱাড হৈছে সৰ্বাংগীন, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত, অষ্ট্ৰেলিয়া, জাপান, আৰু আমেৰিকাৰ মাজত এক কূটনৈতিক অংশীদাৰিত্ব। ৰুবিঅ’ই কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই কোৱাডৰ বৈদেশিক মন্ত্রীসকলক সাক্ষাৎ কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে নিজৰ কামকাজ আৰম্ভ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ কোৱাডৰ বিদেশ মন্ত্ৰীসকল ৱাশ্বিংটনত উপস্থিত হৈছে। ইয়াৰ পূৰ্বে কালি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে মার্কো ৰুবিঅ’ক বিদেশ মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰোৱায়। ৰুবিঅ’ই আজি কোৱাডৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব। ইয়াৰ পাছতে ৰুবিঅ’ আৰু বিদেশ মন্ত্ৰীসকলৰ পৃথককৈ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। ভাৰতৰ বিদেশ মন্ত্ৰীৰ সৈতে ৰুবিঅ’ই প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰিব।
Site Admin | January 22, 2025 12:16 PM | US Secretary of State Marco Rubio meets QUAD counterparts on day 1 in office