ডাউনলোড
মোবাইল এপ

android apple
signal

নিউয়র্কত ইউ এছ অপেন টেনিছ প্রতিযোগিতা আৰম্ভ; ভাৰতৰ সুমিত নাগল নেডাৰলেণ্ডছৰ টেলন গ্রিয়েক্সপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ

নিউয়র্কত কালি চলিত বৰ্ষৰ ইউ এছ অপেন টেনিছ প্রতিযোগিতা আৰম্ভ হয়। প্রতিযোগিতাত সম্প্ৰতি পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ সুমিত নাগল নেডাৰলেণ্ডছৰ টেলন গ্রিয়েক্সপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সুবাদত নাগলে ২০১৯ চনৰ পাছত একেটা বৰ্ষতে চাৰিওখন গ্রেণ্ডশ্লাম প্রতিযোগিতাৰ ছিংগলছত ভাগ লোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ৰেংকিঙৰ ৭২ সংখ্যক স্থানত থকা ভাৰতীয় খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত অষ্ট্ৰেলিয়ান অপেন টেনিছ প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ পূৰ্বে ফ্ৰেন্স অপেন আৰু উইম্বলডনৰ প্ৰথম ৰাউণ্ডত পৰাজিত হৈছিল। দুবাৰৰ গ্ৰেণ্ডশ্লাম চেম্পিয়ন ভাৰতৰ ৰোহন বোপন্না আৰু তেওঁৰ অষ্ট্ৰেলিয়াৰ সহযোগী মেথিউ এবডেনৰ যুটিটোক প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত স্পেইনৰ মাৰ্চেল গ্ৰেণ’লাৰ্চ আৰু আৰ্জেণ্টিনাৰ হৰাচীও জেবাল’ছৰ যুটিটোৰ পাছতে দ্বিতীয় বাছনিত স্থান দিয়া হৈছে।

পুৰুষৰ ছিংগলছত ইউ অপেন টেনিছ প্রতিযোগিতাৰ যোৱাবাৰৰ বিজয়ী নভাক জ’ক’ভিছ, ফ্রেন্স অপেন আৰু উইম্বলডনৰ চেম্পিয়ন স্পেইনৰ কাৰ্লছ আলকাৰাজ তথা বিশ্ব শীর্ষস্থানৰ খেলুৱৈ ইটালীৰ জেনিক চিনাৰকে ধৰি ভালেসংখ্যক তাৰকা খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব।

ইপিনে প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত যোৱাবাৰৰ চেম্পিয়ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ক’ গ’ফে বিশ্বৰ ৬৬ সংখ্যক স্থানৰ ফৰাচী খেলুৱৈ ভাৰভাৰা গ্ৰাছেভাক যোৱা নিশা ৬-২, ৬-০ ফলাফলত পৰাস্ত কৰে। মহিলাৰ ছিংগলছত প্ৰতিযোগিতাৰ প্ৰাক্তন চেম্পিয়ন পোলেণ্ডৰ ইগা শ্বিয়াটেক, বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ খেলুৱৈ কাজাখস্তানৰ এলিনা ৰাইবাকিনা তথা অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দুবাৰকৈ জয় কৰা এৰিনা ছাবালেংকাৰ দৰে আগশাৰীৰ খেলুৱৈসকলেও অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক