ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটোৱে মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছৰ মালবিকাই প্ৰিকোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত চেকগণৰাজ্যৰ প্ৰতিদ্বন্দ্বী তেজো স্বাবিকোভাক পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈ গৰাকী আজি স্কটলেণ্ডৰ কিৰ্ত্তী গিলম’ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে পুৰুষৰ ছিংগলছৰ প্ৰিয়াংশু ৰাজাৱাৰ্টে চীনা টাইপেইৰ প্ৰতিদ্বন্দ্বী হুৱাং য়ু কাইৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে খেলুৱৈ গৰাকী চীনৰ লেই লাংচিৰ মুখামুখি হ’ব। একেদৰে মহিলাৰ ডাবলছত দ্বিতীয় বাছনিপ্ৰাপ্ত ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটোৱে প্ৰিকোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চিয়েহ পেই চান আৰু হুং এন-জুৰ যুটীটো ২১-১১, ২১-১৯ গেমত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটো জাপানৰ ৰুই হিৰোকামি আৰু য়ুনা কাটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
অৱশ্যে পুৰুষৰ ডাবলছৰ প্ৰীকোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ কৃষ্ণ প্রসাদ গৰগা আৰু ছাই প্রতীক কেৰ যুটীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঝি য়ি চেন আৰু প্ৰিছলি স্মিথৰ বিৰুদ্ধে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।
Site Admin | June 28, 2024 1:25 PM | Badminton | SPORTS | US Open