কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে একত্রিত পেন্সন আঁচনি (ইউ. পি. এছ.) কাইলৈৰ পৰা কাৰ্যকৰী হ’ব। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে ইউ. পি. এছ. প্ৰৱৰ্তন কৰিছিল। পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি পি. এফ. আৰ. ডি. এ.-য়ে শেহতীয়াকৈ ইউ. পি. এছ.-ৰ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ তিনিটা গোটৰ সৈতে সম্পর্কিত নিয়মাৱলীসমূহ প্ৰকাশ কৰিছে। প্ৰথম শ্ৰেণীত ২০২৫ চনৰ ১ এপ্ৰিললৈকে সেৱাত জড়িত থকা এজন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক এনপিএছৰ অধীনত সামৰি লোৱা হৈছে, দ্বিতীয় শ্ৰেণীত কেন্দ্ৰীয় চৰকাৰৰ সেৱাত নতুনকৈ নিযুক্তিপ্রাপ্ত সকলক অন্তৰ্ভুক্ত কৰা হৈছে, যিসকলে ২০২৫ চনৰ ১ এপ্ৰিলৰ দিনা বা তাৰ পাছত সেৱাত যোগদান কৰিব আৰু তৃতীয় শ্রেণীত সেইসকল চৰকাৰী কৰ্মচাৰী অন্তৰ্ভুক্ত যিসকল এনপিএছ-ৰ অংশ আছিল আৰু ৩১ মাৰ্চ বা তাৰ আগেয়ে অৱসৰ গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি প্ৰায় ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী এই পেঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হ ‘ব।
Site Admin | March 31, 2025 9:28 PM | UPS for Central Government employees to come into effect from Tuesday
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ একত্রিত পেন্সন আঁচনি (UPS) মঙলবাৰৰ পৰা কাৰ্যকৰী
