ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 12:04 PM | Upendra trvadi

printer

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ ৰাওনা

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰী ভ্ৰমণসূচীৰে সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ গৈছে। আজি পেৰিছৰ লেছ ইনভেলিদেছত হবলগীয়া ফ্ৰান্সৰ জ্যেষ্ঠ সামৰিক নেতৃত্বৰ সৈতে জেনেৰেল দ্বিবেদী বৈঠকত মিলিত হব। সামৰিক অভিবাদনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত তেওঁ দেশখনৰ জেনেৰেল পিয়েৰ শ্বিলৰ সৈতে মিলিত হব। এই বৈঠকত মূল উদ্দেশ্যে হৈছে দুয়োখন দেশৰ মাজত সামৰিক সম্পৰ্ক অধিক শক্তিশালী কৰা। কাইলৈ জেনেৰেল দ্বিবেদী মাৰ্ছেইললৈ যাত্ৰা কৰিব আৰু তাত তেওঁক ফ্ৰান্সৰ সেনাৰ অভিযান আৰু ভূমিকা, দ্বিপাক্ষিক অনুশীলন শক্তি, ভাৰত-ফ্ৰান্সৰ প্ৰশিক্ষণ সহযোগিতা আৰু ফ্ৰান্সৰ সেনাৰ আধুনিকীকৰণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰোৱা হব। অহা বৃহস্পতিবাৰে জেনেৰেল দ্বিবেদীয়ে নিউভা চাপেল ভাৰতীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি প্ৰথম বিশ্বযুদ্ধত মৃত্যু হোৱা ভাৰতীয় সৈনিকসকলৰ সোঁৱৰণত শ্ৰদ্ধা জনাব। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ জইণ্ট ষ্টাফ কলেজ, ইকল দি গুৱেৰত আধুনিক যুদ্ধৰ বিৱৰ্তনশীল প্ৰকৃতি আৰু ভাৰতৰ কৌশলগত দৃষ্টিভংগী সন্দৰ্ভত বক্তৃতা দিব।

অধিক পঢ়ক

সকলো চাওক