বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে I.N.D.I.A মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰেঃ অমিত শ্বাহ

♦ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি দলীয় কৰ্মী সকলক ভোটাৰৰ কাষ চাপিবলৈ আৰু বিকশিত ভাৰতৰ এজেণ্ডাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ আজি বেংগালুৰুত পাঁচটা লোকসভা সমষ্টিৰ শক্তি প্ৰমুখৰ সন্মুখত ভাষণ দি তেওঁ কয় যে বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে INDIA মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪ চনত কৰ্ণাটকে বিজেপিক ৪৩ শতাংশ ভোট আৰু ১৭খন আসন দিছিল।

Read More News : 

২০১৯ চনত বিজেপিয়ে ৫১ শতাংশ ভোট আৰু ২৫খন আসন লাভ কৰাৰ লগতে এই নিৰ্বাচনত বিজেপি- জেডি(এছ) মিত্রজোঁটে যাতে ২৮খন আসনৰ আটাইকেইটখন আসন লাভ কৰে তাৰ বাবে দলীয় কৰ্মীসকলক প্ৰয়াস কৰিবলৈ আহ্বান জনায়। ১২ লাখ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱা ইউ পি এৰ ১০ বছৰীয়া শাসন আৰু ১০ বছৰীয়া এন ডি এৰ শাসনে অর্থনীতিক পঞ্চম স্থানলৈ উন্নীত কৰাত সহায় কৰা আৰু ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ কথা জনসাধাৰণক জনাবলৈ তেওঁ দলীয় কর্মীসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক