ডাউনলোড
মোবাইল এপ

android apple
signal

মুম্বাই বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘Cruise Bharat Mission মুকলি

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা ‘Cruise Bharat Mission’ মুকলি কৰে। এই অনুষ্ঠানত দপ্তৰটোৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে। ‘Cruise Bharat Mission’-এ প্ৰমোদতৰী পৰ্যটনৰ ক্ষেত্ৰত দেশক গোলকীয় হাব হিচাপে প্রতিষ্ঠিত কৰা আৰু বিশ্ব মানচিত্ৰত ভাৰতক প্রমোদতৰী গন্তব্য স্থানৰূপে উজলাই তোলাত প্ৰভূত পৰিমাণে সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত শ্ৰী সোণোৱালে কয় যে, এই অভিযানৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধিৰে দেশৰ প্রমোদতৰী পৰ্যটন উদ্যোগক বিকশাই তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ সামুদ্রিক অর্থনীতিৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ যথোচিত প্ৰয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত কেইবাখনো বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক