বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ছোদি আৰবৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষৰে ছৌদি আৰবত উপস্থিত হৈছেগৈ। দুদিনীয়া ভ্ৰমণ সূচীৰে যোৱা মন্ত্ৰীগৰাকী কালি ৰিয়াধত উপস্থিত হয় । আমাৰ পশ্চিম এছিয়াৰ সংবাদদাতাই জনোৱা মতে মন্ত্ৰী পিয়ুষ গোৱেলে ৰিয়াধত অনুষ্ঠিত ভৱিষ্যত বিনিয়োগ পদক্ষেপ শীৰ্ষক এটা অনুষ্ঠানত অংশগ্রহণ কৰিব। ভৱিষ্যত বিনিয়োগ পদক্ষেপ হৈছে বিনিয়োগৰ এখন বিশেষ মঞ্চ, য’ত বিশ্বৰ বিভিন্ন নেতা বিনিয়োগকাৰী, আৰু উদ্ভাৱকসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে পীয়ুষ গোৱেলে উদ্যোগ মন্ত্ৰালয়ত ছৌদি আৰবৰ উদ্যোগ আৰু খনিজ সম্পদ মন্ত্ৰী খালিদ আল-ফালিহৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকে দুয়োখন দেশ নির্মাণ ক্ষেত্ৰত পাৰস্পৰিক অগ্ৰাধিকাৰসমূহ শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পিছত গোৱেলে মুৰাব্বাৰ ৰিয়াধ এভিনিউ মলৰ লুলু হাইপাৰমাৰ্কেটত দীপাৱলী উদযাপনৰ শুভাৰম্ভ কৰিব। বিয়লি মন্ত্ৰীগৰাকীয়ে শক্তি মন্ত্ৰালয়ত অর্থনীতি আৰু বিনিয়োগ সম্পৰ্কীয় এখন বৈঠকত অংশগ্রহণ কৰিব। এই বৈঠকত ঔদ্যোগিক বৃদ্ধি, শক্তিৰ বৈচিত্ৰ্য, আৰু বিনিয়োগ বিনিময়ৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ আলোচনা কৰা হ’ব। এই বৈঠক কৌশল, নবীকৰণযোগ্য শক্তি, ঔদ্যোগিক উন্নয়নৰ জৰিয়তে অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত ছৌদি-ভাৰত সহযোগিতাৰ আন এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলি আশা কৰা হৈছে।