লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি চৰকাৰে ভুলকৈ পৰিচালনা কৰিছে বুলি তোলা অভিযোগক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সমালোচনা কৰিছে। তেওঁ কয় যে এন ডি এ দেশৰ অৰ্থনীতিক বিশ্বৰ পঞ্চম অর্থনীতিলৈ উন্নীত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী গোৱেলে অভিযোগ কৰি কয় যে ইউ পি এৰ শাসনকালত মুদ্রাস্ফীতি বৃদ্ধি পোৱাৰ লগতে বিত্তীয় ঘাটি, অতি কম পৰিমাণৰ বৈদেশিক মুদ্ৰাৰ মজুত আৰু দুৰ্নীতিৰে ভৰি আছিল যদিও এতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ অর্থনৈতিক বিকাশৰ নেতৃত্বৰ বাবে বাট চাই আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে অৰ্থনীতিৰ মৌলিক দিশসমূহ শক্তিশালী কৰিছে আৰু দেশখন অতি সোনকালে মুঠ ঘৰুৱা উৎপাদনৰ ভিত্তিত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হ’ব।
Site Admin | July 30, 2024 7:15 PM | Union Minister Piyush Goyal hits back at Rahul Gandhi over