বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি আৰু বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধি কৰিবলৈ, জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় সমস্যাসমূহ সমাধানৰ বাবে প্ৰযুক্তিগত সহযোগিতা সুদৃঢ় কৰিবলৈ আৰু সাংস্কৃতিক তথা শৈক্ষিক বিনিময়ৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে থকা ফ্ৰান্সৰ বিদেশ বাণিজ্য আয়ুক্তসকলৰ বাৰ্ষিক সন্মিলন সম্বোধন কৰি বাণিজ্য মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ২০২৪ বিত্তীয় বৰ্ষত ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক বাণিজ্য এহেজাৰ ৫০০ কোটি ডলাৰলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয়, যে দুয়োখন দেশে কৃষি আৰু খাদ্য প্ৰ-সংস্কৰণ, নবীকৰণযোগ্য শক্তি, মহাকাশ আৰু প্ৰতিৰক্ষা, যান-বাহন আৰু বৈদ্যুতিন বাহন আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ সম্ভাৱনাৰ অন্বেষণ কৰি আছে। শ্রীগোৱেলে কয়, যে ভাৰতে ২০৪৭ চনৰ ভিতৰত দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্পৰে নিজকে বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে। মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু ষ্টাৰ্ট আপ ইণ্ডিয়াৰ লেখীয়া উদ্যমসমূহৰ ফলত বিদেশী বিনিয়োগকাৰী আকৰ্ষিত হৈছে আৰু দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীগোৱেলে অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাও পাঠ কৰে। এই বাৰ্তাত শ্ৰীমোদীয়ে ব্যৱসায়, বিনিয়োগ আৰু প্ৰযুক্তিক ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কৰ মূল স্তম্ভ বুলি অভিহিত কৰে । পাছত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী গোৱেলে ফ্ৰান্সৰ বিদেশ বাণিজ্য আৰু নাগৰিকসকলৰ প্ৰতিনিধি মন্ত্ৰী ছোফী প্রাইম’ছৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি, বিনিয়োগ সুৰক্ষা চুক্তি আৰু ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ চুক্তি সম্পৰ্কীয় আলোচনাৰ অগ্ৰগতিৰ সমীক্ষা কৰে৷
Site Admin | November 28, 2024 11:51 AM | Union Minister Piyush Goyal calls upon French and Asia-Pacific partners to deepen collaboration
ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি-বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধিৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ
