ডাউনলোড
মোবাইল এপ

android apple
signal

পথ দুৰ্ঘটনা-মৃত্যু ৰোধৰ বাবে পথ নিৰ্মাণৰ সময়ত পথ সুৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰা উচিতঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে কয় যে, পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ বাবে পথ নিৰ্মাণৰ সময়ত পথ সুৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰা উচিত। ছত্তিশগড়ৰ ৰায়পুৰত কালি সন্ধিয়া ভাৰতীয় পথ মহাসভাৰ ৮৩ সংখ্যক বাৰ্ষিক সত্ৰ উদ্বোধন কৰি শ্ৰীগাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, পথ আৰু যান-বাহন অভিযান্ত্ৰিক ক্ষেত্ৰৰ আঁসোৱাহসমূহ আঁতৰ কৰোৱাৰ উদ্দেশ্যে প্ৰয়াস চলাই থকা হৈছে যদিও প্রকল্প প্রতিবেদনৰ ত্ৰুটিৰ বাবে এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। কালিৰ অনুষ্ঠানত উপস্থিত থকা বিষয়া আৰু অভিযন্তাসকলক উদ্দ্যেশি মন্ত্ৰীগৰাকীয়ে কয় যে, বিতং প্রকল্প প্রতিবেদন সঠিকভাৱে পৰীক্ষা নকৰাকৈ কোনো নিবিদা জাৰি কৰা উচিত নহয়। তেওঁ কয় যে, পথ আভিযান্ত্ৰিকক দিশৰ উন্নীতকৰণে পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে জনসাধাৰণৰ জীৱন ৰক্ষা কৰিব। পথ খণ্ডৰ বিকাশৰ বাবে বিশ্বৰ সফল কাৰ্যব্যৱস্থা আৰু উদ্ভাৱনসমূহ প্ৰয়োগ কৰিবলৈ শ্ৰীগাডকাৰীয়ে বিষয়া, বিশেষজ্ঞ আৰু ঠিকাদাৰসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, আন্তঃগাঁথনিৰ উন্নয়নে উদ্যোগিক বিকাশত অৰিহণা যোগোৱাৰ লগতে নিয়োগৰ সুবিধা বৃদ্ধি, দৰিদ্ৰতা হ্ৰাস কৰা আৰু দেশক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাত সহায় কৰিব। চাৰিদিনীয়া এই সত্ৰত দুহেজাৰৰো অধিক বিশেষজ্ঞ, বিজ্ঞানী, অভিযন্তা আৰু বিষয়াই অংশগ্ৰহণ কৰে। এই সত্ৰত পথ নিৰ্মাণ আৰু পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰা হ’ব । পৰহিলৈ এই সত্ৰৰ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক