কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংক (এ আই আই বি)ৰ পৰিচালনা পৰিষদৰ নৱম বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উজবেকিস্তানৰ তাশখণ্ডত উপস্থিত হৈছে। শ্ৰীমতী সীতাৰমনে কাইলৈ এই বৈঠকত অংশ ল’ব। ভাৰত এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ দ্বিতীয় সর্ববৃহৎ অংশীদাৰ। কাইলৈৰ বৈঠকত উন্নয়নৰ কাৰ্যসূচীৰ সৈতে জড়িত ভালেমান গুৰুত্বপূৰ্ণ গোলকীয় বিষয় লৈ আলোচনা কৰা হ’ব। শ্ৰীমতী সীতাৰমনে লগতে ভাৰত আৰু উজবেকিস্তানৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিতো স্বাক্ষৰ কৰিব । দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক লাভালাভৰ বাবে ব্যাপক আর্থিক সহযোগিতাৰ প্ৰসাৰেই এই চুক্তিখনৰ মূল উদ্দেশ্য। বিত্তমন্ত্ৰীগৰাকীয়ে এই ৫ দিনীয়া ভ্ৰমণকালত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৌকত মিৰ্জিয়োয়েভক সাক্ষাৎ কৰাৰ কথা আছে। তেওঁ লগতে উজবেকিস্তান, কাটাৰ আৰু চীনৰ বিত্তমন্ত্রী তথা এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ অধ্যক্ষৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। তেওঁ লগতে বিভিন্ন ক্ষেত্ৰত কৰ্মৰত প্রবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব।