ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। অমিত শ্বাহে গৃহমন্ত্রী, ড° এছ জয়শংকৰে বিদেশ মন্ত্ৰী, কিৰেণ ৰিজিজুৱে সংখ্যালঘু পৰিক্ৰমা মন্ত্রী, অশ্বিনী বৈষ্ণৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, জে পি নাড্ডাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী, শিৱৰাজ সিং চৌহানে গ্রামোন্নয়ন মন্ত্ৰী, হৰদীপ সিং পুৰীয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী, গজেন্দ্র সিং শেখাৱটে সাংস্কৃতিক মন্ত্রী, অন্নপূর্ণা দেৱীয়ে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী, জিতন ৰাম মাঝিয়ে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী, জ্যোতিৰাদিত্য সিন্ধিয়াই যোগাযোগ মন্ত্রী, ভূপেন্দ্র যাদৱে পৰিৱেশ মন্ত্ৰী, মনোহৰ লালে শক্তি মন্ত্ৰী, গিৰিৰাজ সিঙে বস্ত্ৰ মন্ত্ৰী, চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী, জিতিন প্রসাদে ইলেকট্র’নিক্স আৰু তথ্য প্রযুক্তি মন্ত্ৰী, চি আৰ পাৰ্টিলে জল শক্তি মন্ত্রী, ড° জিতেন্দ্র সিঙে কৰ্মচাৰী আৰু প্ৰশিক্ষণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, অর্জুন ৰাম মেঘৱালে আইন আৰু ন্যায় দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, জয়ন্ত চৌধুৰীয়ে দক্ষতা বিকাশ আৰু উদ্যমশীলতা বিভাগৰ ৰাজ্য মন্ত্ৰী, সঞ্জয় শেঠে প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী, সুৰেশ গোপীয়ে পেট’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্য মন্ত্ৰী,

পৱিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ ৰাজ্য মন্ত্ৰী, অনুপ্রিয়া পেটেল আৰু যাদৱ প্ৰতাপ গণপত ৰায় স্বাস্থ্য ৰাজ্য মন্ত্ৰী তথা ড° এল মুৰুগনে তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ কৰিছে।

কাৰ্যভাৰ গ্ৰহণ কৰি বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ বিদেশ নীতি অতিকে ফলপ্রসূ হ’ব বুলি আস্থা প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড° জয়শংকৰে কয় যে ৰাষ্ট্ৰ প্ৰথম আৰু বসুধৈৱ কুটুম্বকম দেশৰ বিদেশ নীতিৰ দুটা স্বতঃসিদ্ধ সিদ্ধান্ত হ’ব। তেওঁ কয় যে ভাৰতৰ প্রভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে আৰু অন্য দেশসমূহেও ভাৰতক বিপদৰ সময়ত কাষত থিয় হোৱা প্ৰকৃত বন্ধু বুলি গণ্য কৰিবলৈ লৈছে। প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বত ভাৰতৰ পৰিচয় উজলি উঠিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে। পৰৱৰ্তী ৫ বছৰত পাকিস্তান আৰু চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক সন্দৰ্ভত বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে একেখন চৰকাৰ একেৰাহে তৃতীয়বাৰলৈ ক্ষমতাত অধিষ্ঠিত হোৱাটো ডাঙৰ কথা আৰু বিশ্বই সম্প্রতি ভাৰতত ৰাজনৈতিক সুস্থিৰতা আছে বুলি অনুভৱ কৰিবলৈ লৈছে। পাকিস্তান আৰু চীনৰ ক্ষেত্ৰত ৰাষ্ট্ৰ দুখনৰ সৈতে থকা সীমা বিবাদৰ সমাধান সূত্ৰৰ অন্বেষণত গুৰুত্ব আৰোপ কৰা হ’ব। ভাৰতে সীমান্তেৰে চলোৱা সন্ত্ৰাসবাদৰ সমাধান বিচাৰে বুলিও তেওঁ উল্লেখ কৰে।

একেদৰে, কাৰ্যভাৰ গ্ৰহণ কৰাৰ অন্তত নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি কিৰেন ৰিজিজুৱে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ, সবকা বিকাশৰ আহ্বান সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ কাম-কাজৰ বাবে অতিকে গুৰুত্বপূর্ণ। সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে আতিশয্য হোৱা বুলি উঠা অভিযোগৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্ৰত্যেক গৰাকী নাগৰিককে সমান বুলি গণ্য কৰি আহিছে আৰু সদায় সৰ্বাত্মক আঁচনি আৰু নীতি ৰূপায়ণ কৰি আহিছে।

ইপিনে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে সুযোগ প্রদান কৰিছে। তেওঁ কয় যে বিগত ১০ বছৰত শ্ৰী মোদীয়ে জনসাধাৰণৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী মোদীয়ে দেশৰ অৰ্থ ব্যৱস্থাক একাদশ স্থানৰ পৰা পঞ্চম স্থানলৈ অনাত সহায় কৰিছে।

আনহাতে, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি জিতেন্দ্ৰ সিঙে কয় যে বিগত ১০ বছৰত দেশ প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত যুগান্তকাৰী প্ৰশাসনিক সংস্কাৰৰ সাক্ষী হৈছে আৰু এই প্রক্রিয়া আগলৈও অব্যাহত থাকিব। কাৰ্যভাৰ গ্ৰহণ কৰি দক্ষতা বিকাশ আৰু উদ্যমশীলতা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে তেওঁৰ মন্ত্ৰ্যালয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

একেদৰে, ড° এল মুৰুগনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে চৰকাৰী আঁচনি আৰু নীতিসমূহক সমাজৰ শেষৰজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাৰ বাবে যোগাযোগ অতিকৈ গুৰুত্বপূৰ্ণ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱা বুলি তেওঁ মন্তব্য কৰে।

ইফালে, এল জে পি ৰামবিলাসৰ নেতা চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কয় যে তেওঁ নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব পালন কৰিব। তেওঁ লগতে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ে খেতিয়কসকলক পোনপটীয়াকৈ লাভৱান্বিত কৰিব আৰু তেওঁলোকৰ আয় দুগুণলৈ বৃদ্ধি কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক