ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম প’ৰ্টেল মুকলি

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম প’ৰ্টেল মুকলি কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ই-শ্ৰম প’ৰ্টেলৰ প্ৰতি কৰ্মচাৰীসকলৰ বৰ্ধিত আস্থা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্ৰতিদিনে ৬ ৰ পৰা ৯ হাজাৰ কৰ্মচাৰীয়ে এই প্লেটফৰ্মত যোগদান কৰিছে। এই মঞ্চৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা সহজেই লাভ কৰিব বুলি ড০ মন্দাভিয়াই প্ৰকাশ কৰে। তেওঁ অসংগঠিত ক্ষেত্ৰৰ সকলো কর্মীকে এই প’ৰ্টেলত পঞ্জীয়ন কৰি কল্যাণমূলক আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই পদক্ষেপৰ প্ৰাথমিক লক্ষ্য হৈছে– একক মঞ্চৰ জৰিয়তে সক্রিয়ভাৱে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ বাবে থকা সকলো সামাজিক সুৰক্ষা তথা কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ বিষয়ে তথ্য যুগুত কৰা।

অধিক পঢ়ক

সকলো চাওক