কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্য মন্ত্রী কীর্তিবৰ্ধন সিঙে আজি নতুন দিল্লীত ASSOCHAM পৰিৱেশ আৰু কাৰ্বন সন্মিলন উদ্বোধন কৰে। সন্মিলনৰ এইবাৰৰ বিষয়বস্তু হৈছে- ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমণ লক্ষ্য প্রাপ্তিৰ বাবে সহযোগিতামূলক পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰা। সন্মিলনক সম্বোধন কৰি শ্ৰী সিঙে কয় যে, জলবায়ু আৰু পৰিৱেশ পৰিৱৰ্তন বর্তমান গোলকীয় সমস্যা হৈ পৰিছে, কিন্তু চৰকাৰে দেশক ইয়াৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমণ লক্ষ্য পূৰণৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী বাস্তবায়িত কৰিবলৈ চৰকাৰে অহৰহ কাম কৰি আছে। সমগ্ৰ বিশ্বৰে পৰিৱেশ আৰু জলবায়ুক প্রভাৱিত কৰা সমস্যাসমূহৰ সমাধান বিচাৰি উলিওৱাটো সবাতোকৈ প্ৰয়োজনীয় হৈ পৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। দেশৰ গ্ৰামাঞ্চলত অনুভূত হোৱা পানীৰ অভাৱৰ সমস্যাৰ ওপৰত আলোকপাত কৰি শ্ৰী সিঙে কয় যে, জলজীৱন অভিযান আঁচনিৰ অধীনত সেই সমস্যাৰ সমাধান হোৱাৰ পাছত বৰ্তমান কৃষকসকল যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হৈছে। দেশৰ পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ বাবে উদ্যোগ আৰু অংশীদাৰসকলৰ প্রতি সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি এদিনীয়া সন্মিলনখনত দেশৰ বিভিন্ন উদ্যোগ, গৱেষণা আৰু পৰিৱেশ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্রহণ কৰিছে।