কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। INDIAN ROADS@ 2030 : THE SAFE SPACE শীর্ষক পথ সুৰক্ষা বিষয়ক দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় ৬৬ শতাংশই হৈছে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ। চৰকাৰে বাহনৰ পাছৰ আসনত বহা লোকেও ছিটবেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ কথা দোহাৰি শ্ৰী গাডকাৰীয়ে ইলেকট্রনিক ব্রেকিং ছিষ্টেমৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে পথ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত হ’ব পৰা পৰিস্থিতি তথা পথ সুৰক্ষা নিশ্চিতকৰণৰ যাৱতীয় ব্যৱস্থা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভাগীয় বিষয়াসকলক আহ্বান জনায়।
Site Admin | January 16, 2025 8:37 PM | Union Minister for Road Transport and Highways Nitin Gadkari
জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
