২০২৫-২৬ বৰ্ষত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল খণ্ডত ১০ হাজাৰ ৪৪০ কোটি টকা ব্যয় কৰা হ’ব। কেন্দ্রীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰেল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ কৰ্মীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙ ব্যৱস্থাৰে মত বিমিনয় কৰি এই বিষয়ে প্ৰকাশ কৰে। ৰে’ল মন্ত্ৰীগৰাকীয়ে কালি আবেলি নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কার্যালয়ত উপস্থিত সাংবাদিকসকলৰ আগত এই বিষয়ে প্ৰকাশ কৰে। শ্রীবৈষ্ণৱে কয়, যে ২০২৫-২৬ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰা হৈছে। ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে যোৱা জানুৱাৰী মাহৰ পৰা অসমত তিনিখন নতুন ৰে’লগাড়ী প্ৰৱৰ্তন কৰাৰ বিষয়েও শ্রীবৈষ্ণৱে উল্লেখ কৰে । তেওঁ কয়, যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত ৰে’লপথত থকা লেভেল ক্ৰচিং, আণ্ডাৰ পাছ অর্থাৎ ভূ-তল সুৰংগ নিৰ্মাণ আৰু ৰে’ল ষ্টেচনসমূহৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ’ব। ২০১৪-১৫ বৰ্ষৰ তুলনাত ২০২৫-২৬ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল শিতানত আৱণ্টিত ধনৰ পৰিমাণ পাঁচ গুণ বৃদ্ধি পাইছে বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
Site Admin | February 4, 2025 1:03 PM | Union Minister for Railways Ashwini Vaishnaw
২০২৫-২৬ বৰ্ষত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল খণ্ডত ১০,৪৪০ কোটি টকা ব্যয় কৰা হ’বঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
