ওড়িশাৰ ৫৯টা ষ্টেচনক অমৃত ষ্টেচন হিচাপে উন্নীত কৰা হ’ব বুলি কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰালয়ে এই প্ৰকল্পৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ২ হাজাৰ ৩৭৯ কোটি টকাৰ আবণ্টন দিছে। অমৃত ষ্টেচনলৈ উন্নীত কৰিবলগীয়া ষ্টেচনসমূহৰ ভিতৰত ভুৱনেশ্বৰ নিউ, মাঞ্চেশ্বৰ, কটক, ৰুৰকেল্লা, অংগুল, ধেনকানল, বালেশ্বৰ, ব্ৰহ্মপুৰ, পাৰাদ্বীপ, চম্বলপুৰ আদি ষ্টেচন অন্যতম। সাংবাদিকৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে হোৱা কথা বতৰাত ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, যে এইবাৰৰ কেন্দ্ৰীয় বাজেটত ওড়িশাৰ ৰে’লখণ্ডৰ বাবে কেন্দ্ৰই ১০ হাজাৰ ৫৯৯ কোটি টকাৰ আবণ্টন দিছে। ২০১৪ চনত বিজেপি নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ পাছৰে পৰাই ৰাজ্যখনত ২ হাজাৰ ৬৬ কিলোমিটাৰ নতুন ৰে’লপথৰ লগতে ৭৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ৰে’ল প্ৰকল্প ৰূপায়ণ হৈ আছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ইয়াৰোপৰি ওড়িশাত ৬ খন বন্দে ভাৰত ৰে’লগাড়ীও চলাচল কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতে এনে ৰে’লৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে।
Site Admin | February 4, 2025 12:10 PM | Union Minister for Railways Ashwini Vaishnaw
ওড়িশাৰ ৫৯টা ষ্টেচনক অমৃত ষ্টেচন হিচাপে উন্নীত কৰা হ’বঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
