ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বায়’ ই থ্ৰী নীতিয়ে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াবঃ ড০ জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্র সিঙে কৈছে যে, শেহতীয়াকৈ অনুমোদন লাভ কৰা বায়’ ই থ্ৰী নীতিয়ে দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব। বায়’ ই থ্রী অর্থাৎ অর্থনীতি, জলবায়ু আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি হৈছে দেশৰ জৈৱ উৎপাদনক উচ্চ কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এটা সুপৰিকল্পিত পদক্ষেপ। আজি নতুন দিল্লীত ভাৰত-জার্মান বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতাৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ অধীনত দেশে বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত উল্লেখযোগ্য সফলতা লাভ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডক বিশ্বৰ কৌশলগত স্তম্ভৰূপে অভিহিত কৰি শ্ৰী সিঙে লগতে ভাৰতৰ শেহতীয়া মহাকাশ অভিযানসমূহৰ উল্লেখনীয় সফলতাৰ ওপৰতো আলোকপাত কৰে। তেওঁ লগতে ভাৰতৰ ষ্টাৰ্ট আপ পৰিৱেশ তন্ত্ৰই বিশ্বৰ ভিতৰতে তৃতীয় স্থান অৰ্জন কৰাৰ সন্দৰ্ভতো সন্তোষ প্রকাশ কৰে। ভাৰত আৰু জাৰ্মানীৰ মাজৰ সুসম্পৰ্কৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত থকা সহযোগিতাই এই দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰিব বুলিও মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক