কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ এদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। মন্ত্ৰীগৰাকীয়ে চুৰাটৰ কিমত বুলেট ৰে’লপথ আন্তঃগাঁথনিৰ সা-সুবিধাসমূহ পৰিদৰ্শন কৰিব। তেওঁ লগতে বডোডৰাৰ প্লেচাৰ ইণ্ডিয়া ফেক্টৰীও পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বডোডৰাত থকা গতিশক্তি বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰাৰ কথা আছে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলো উপস্থিত থাকিব। আমাৰ সংবাদদাতাই জনোৱা মতে, আজিৰ এই সমাৱৰ্তন সমাৰোহত মুঠ ২৩৯ গৰাকী শিক্ষার্থীক ডিগ্রী-ডিপ্লমা প্রদান কৰা হ’ব।
Site Admin | November 30, 2024 12:32 PM | Union Minister Ashwini Vaishnaw to visit Gujarat today
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ এদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব
