ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মত বিনিময়

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব৷ বৈঠকৰ সময়ত নৱনিযুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলে গৃহমন্ত্ৰীগৰাকীৰ সৈতে প্ৰশিক্ষণকালৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব। দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিষয়াসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ পৰা পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় আৰক্ষী সেৱাত ২০২৩ চনত নিযুক্তিপ্রাপ্ত ৫৪ গৰাকী মহিলা বিষয়াসহ মুঠ ১৮৮ গৰাকী প্ৰশিক্ষাৰ্থী বিষয়াই মৌলিক পাঠ্যক্রম প্রশিক্ষণৰ ১নং স্তৰ সম্পূৰ্ণ কৰিছে৷ দিল্লীত কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিএপিএফ আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠন CPOৰ তত্বাৱধানত দুসপ্তাহজোৰা প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী বিষয়াসকলক এতিয়া ২৯ সপ্তাহৰ বাবে জিলাভিত্তিক ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক