কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ, আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রী প্রহলাদ যোশীয়ে ঘোষণা কৰিছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে ২২ বিলিয়ন মার্কিন ডলাৰৰ ৰত্ন আৰু গহনা ৰপ্তানি কৰিছে। সৰ্বভাৰতীয় ৰত্ন আৰু গহনা পৰিষদ, চমুকৈ জি জে এছৰ উদ্যোগত কালি মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া জেম এণ্ড জুৱেলাৰী শ্ব’, জিজেএছ ২০২৫ত ভাষণ দি তেওঁ এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৭ চনৰ ভিতৰত ৰপ্তানিৰ পৰিমান ১০০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্রহণ কৰা হৈছে। ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ৰত্ন আৰু গহনা খণ্ডৰ ঐতিহাসিক আৰু অর্থনৈতিক তাৎপর্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই খণ্ডই দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ প্ৰায় সাত শতাংশ অৰিহণা যোগাইছে আৰু প্ৰায় পাঁচ নিযুত লোকক কর্মসংস্থাপন প্ৰদান কৰিছে। গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে এই খণ্ডটোক আৰু অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰে ।
Site Admin | April 6, 2025 1:27 PM | Union Food Minister Pralhad Joshi
২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে ২২ বিলিয়ন মার্কিন ডলাৰৰ ৰত্ন আৰু গহনা ৰপ্তানি কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী
