ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন আৰু জাপানৰ দৰে দেশতকৈ অধিক বুলি ইউনেস্ক’ৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি মধ্য আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ঘৰুৱা মুঠ উৎপাদনৰ শতাংশ আৰু চৰকাৰী খৰচতকৈ ভাৰতে শিক্ষাৰ ক্ষেত্ৰত অধিক ধন ব্যয় কৰিছে। ভাৰতত শিক্ষাৰ প্ৰসাৰৰ বাবে ২০১৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত ঘৰুৱা মুঠ উৎপাদনৰ ৪ দশমিক ১ শতাংশৰ পৰা ৪ দশমিক ৬ শতাংশ নির্ধাৰণ কৰিছে। প্ৰতিবেদন অনুসৰি ভাৰতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে আৰু ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা ২০৩০-ৰ শিক্ষাৰ পৰিকাঠামোৰ আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে আগবাঢ়িছে, যিটো ৰাষ্ট্ৰসংঘই শিক্ষাৰ ক্ষেত্ৰত দেশসমূহে মুঠ ঘৰুৱা উৎপাদনৰ ৪ৰ পৰা ৬ শতাংশ ব্যয়ৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।
Site Admin | October 24, 2024 7:00 PM | UNESCO Report India spends more on Education than China & Japan