June 7, 2024 6:36 PM | Ukaraine pres

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইউক্রেইন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ দেশখনৰ ৰাষ্ট্ৰপতিৰ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুবিধা অনুসৰি সময়ত ইউক্রেইন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছে । দুয়োগৰাকী নেতাৰ মাজত ফোনযোগে হোৱা বাৰ্তালাপৰ সময়তে এই আমন্ত্রণ জনায। জেলেনস্কিয়ে প্রধানমন্ত্ৰী মোডীক শেহতীয়াকৈ নির্বাচনী জয়ৰ বাবে অভিনন্দন জনাই চৰকাৰখন ক্ষিপ্ৰতাৰে গঠন হোৱাৰ কামনা কৰে। ভাৰতীয় জনসাধাৰণৰ হিতার্থে নিৰন্তৰ উৎপাদনশীল সহযোগিতাৰ বাবেও তেওঁ ইচ্ছা প্রকাশ কৰে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সমাগত বিশ্ব শান্তি সন্মিলনত ভাৰতৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ ভাৰতক উচ্চতম পৰ্যায়ত নিয়োজিত হোৱাৰ তাৎপৰ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক