ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দৈমু নগৰ পথাৰত অহা ৯ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলিছে। ইয়াৰ বাবে সুসজ্জিত তোৰণ, বিশাল মঞ্চ, প্রতিনিধি শিবিৰ আদি গঢ়ি তোলা হৈছে। বড়ো জাতি জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, ভাষা-সাহিত্য-সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এখন বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে বড়ো সাহিত্য সভাৰ এই অধিৱেশনত বাংলাদেশ, নেপাল, ভুটান, আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত বসবাস কৰা বড়ো সম্প্ৰদায়ৰ লোকসকলে অংশগ্রহণ কৰিব। অধিৱেশনৰ সামৰণি অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক জনোৱা হৈছে।