২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈৰ ছেমি ফাইনেলত স্থান নিশ্চিত

♦ কাজাখস্তানৰ আস্তানাত চলি থকা ২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈ পুৰুষৰ শাখাত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ৫১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মান্দেংবাম যদুমনি সিঙে ভূটানৰ প্ৰতিদ্বন্দ্বী ফুচ কিনলেক ৫-০ ফলাফলত পৰাস্ত কৰে। একেদৰে ৫৭ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিখিলে উজবেকিস্তানৰ বাৰ্তিয়োৰোভ আয়ুবখনৰ বিৰুদ্ধে ৪-০ ফলাফলত বিজয় সাব্যস্ত কৰে।

ইপিনে, ৬৩.৫ কিলোগ্ৰাম আৰু ৭১ কিলোগ্রাম ওজন শাখাত ভাৰতীয় খেলুৱৈদ্বয় ক্রমে অজয় কুমাৰ আৰু অংকুশেও মংগোলীয়া আৰু কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে ৫৪ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ আশীষ মংগোলীয়াৰ প্ৰতিদ্বন্দ্বীৰ হাতত ২-৩ ফলাফলত পৰাস্ত হয়। প্ৰতিযোগিতাত আজি ভাৰতৰ ১০গৰাকী পুৰুষ আৰু ১২গৰাকী মহিলা খেলুৱৈয়ে ছেমি ফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব।

পুৰুষৰ শাখাত ব্ৰিজেছ টামটা, আৰিয়ন, সাগৰ জাখাৰ, যশবর্ধন সিং, সুমিত, প্রিয়াংশু, ৰাহুল কুন্দু, ছাহিল, আৰ্যন আৰু লক্ষই ৰাথি অৱতীৰ্ণ হ’ব। একেদৰে মহিলাৰ শাখাত অন্নু, লক্ষ্মী, নিশা, তমন্না, যাত্রী পেটেল, নিকিতা চান্দ, শ্রুষ্টি ছাথে, পার্থবী গ্রেৱাল, আকাংক্ষা, ৰোদ্রিকা, খুচি পুনিয়া আৰু নীৰ্জৰা বানাই প্রতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক