সম্প্ৰতি নিৰ্বাচনৰ প্ৰচাৰ উদ্দেশ্যে ওড়িশাত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মূল্যায়নৰ অৰ্থে মুখ্য সচিবৰ সৈতে কথা পাতে আৰু সাহায্য, পুনৰবাসন তথা সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ড° শৰ্মাই লগতে ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।
Site Admin | May 28, 2024 4:46 PM | Assam | CMO Assam | Himanta Biswa Sarma
ধুমুহা-বৰষুণ আৰু ভূমিস্খলনত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ
