দুদিনীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ সন্দৰ্ভত সন্মিলনৰ আয়োজন

◊ আইন আৰু ন্যায় মন্ত্ৰালয়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ সন্দৰ্ভত এখন সন্মিলনৰ আয়োজন কৰিছে । সন্মিলনৰ আজি প্ৰথম দিনাৰ উদ্বোধনী কাৰ্যসূচীত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্রীমেঘৱালে সন্মিলনখনে নির্দিষ্ট বিষয় সন্দৰ্ভত সফলতাৰে আলোকপাত কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে আইন ব্যৱস্থা বিৱৰ্তনৰ সৈতে পলাশী যুদ্ধ, ব্ৰিটিছ শাসনকালৰ দমনমূলক উদ্দেশ্যেৰে সংৰচিত আইন প্ৰণালীৰ প্ৰৱৰ্তনৰ দৰে ঐতিহাসিক পৰিঘটনা সম্পর্কে আলোকপাত কৰে। ব্ৰিটিছ শাসনকালীন আইন ব্যৱস্থাৰ তীক্ষ্ণ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই আইন নীতি ন্যায় তথা সমতা বিৰোধী আৰু ঔপনিবেশিক শাসনৰ প্ৰতিভূ বুলি উল্লেখ কৰে। ২১ শতিকাৰ তৃতীয় দশক ভাৰতৰ স্বতন্ত্ৰতাৰ প্ৰকৃত স্বৰূপ হ’ব বুলি ১৮৯৫ চনত স্বামী বিবেকানন্দই কৰা মন্তব্য প্ৰসংগৰ অৱতাৰণা কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ ঔপনিবেশিক শাসন বিৰোধী সংশোধনৰ পোষকতা কৰে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইয়াৰ উপৰি অনুষ্ঠানত চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চমাদ্দাৰ, আইন আয়োগৰ সদস্য সচিব ৰীতা বশিষ্ঠ, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ঋষিকেশ ৰয় আৰু মুখ্য সচিব ৰবি কোটায়েও ভাষণ প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক