২৬ এপ্ৰিলত ৰাজ্যত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত হবলগীয়া নিৰ্বাচনৰ বাবে আজি ৰাজ্যত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰ ভিতৰত এগৰাকী শিলচৰৰ আৰু আনগৰাকী নগাওঁ সমষ্টিৰ প্ৰাৰ্থী। উল্লেখযোগ্য যে, এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৪ এপ্রিল ধাৰ্য কৰা হৈছে। আনহাতে, মনোনয়ন পত্র প্ৰত্যাহাৰৰ শেষ দিন অহা ৮ এপ্রিল। এই পর্যায়ত নিৰ্বাচন হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু-কৰিমগঞ্জ, শিলচৰ আৰু নগাওঁ সমষ্টিত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনহাতে জিলাকেইখনৰ প্ৰশাসনসমূহেও নিৰ্বাচনৰ বাবে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ’বলগীয়া প্রিজাইদিং আৰু পোলিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। তদুপৰি জিলা প্রশাসনসমূহে জিলাসমূহত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লৈছে।